চাৰিকড়ীয়া নদীৰ মধুৰ স্পন্দন আৰু....
সেউজীয়া বননিৰ ছন্দ শুনিবলৈ
ঘৰমুৱা চৰাইৰ দৰে
তেওঁ উভতি আহিছিল ঢকুৱাখনালৈ
চাৰিকড়ীয়া নদীৰ পাৰত
তেওঁ বিচাৰি ফুৰিছিল
এৰি অহা দিনবোৰ
চাৰিকড়ীয়া নদীৰ পাৰত
সৰিয়হ ফুলৰ দৰে ফুলি উঠিছিল
তেওঁৰ ল'ৰালি,তেওঁৰ শৈশৱ
তেওঁৰ চকুত ভাঁহি ফুৰিছিল
চাৰিকড়ীয়া নদীৰ আকাশ
য'ত স্মৃতিৰ মধুৰ ছন্দবোৰ
তৰা হৈ জিলিকি আছিল
সাধনাৰ প্ৰজ্ঞাৰ জ্ঞানেৰে
তেওঁ স্থিতপ্ৰজ্ঞ আছিল
জয়ী কৰিব পাৰিছিল জীৱনৰ দুঃচিন্তাবোৰ
ধৰি ৰাখিব পাৰিছিল জীৱন যৌৱন
স্পৰ্শ কৰিব পাৰিছিল মধ্যযুগৰ আকাশ
কাণ পাতি শুনিব পাৰিছিল নৱ-জাগৰণৰ গীত
আজি সকলোৰে বুকু উদং কৰি
আজি যুগস্ৰষ্টাৰ চিৰ বিদায় হ'ল
আজি মহীৰূহৰ মহাপ্ৰস্থান হ'ল
(সদ্য প্ৰয়াত হোমেন বৰগোহাঞি চাৰৰ সজল স্মৃতিত )

0 Comments