পৰিৱেশ আৰু আমি "
" অক্মিজেন নাথাকিলে মানুহে কেনেকৈ
যুদ্ধ কৰিব "
আজি ৫ জুন বিশ্ব পৰিৱেশ দিৱস । ১৯৭৪ চনৰ পৰা আজিৰ দিনটোত বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰি আহিছে । অকল ৫ জুন দিনটোতেই আমি পৰিৱেশ সংৰক্ষণ কৰিলে ন'হব । আমি অৰ্থাৎ মানুহে যেতিয়ালৈকে জীয়াই থাকিব তেতিয়ালৈকে পৰিৱেশ সংৰক্ষিত কৰিব লাগিব । কাৰণ পৰিৱেশেই হ'ল আমাৰ বন্ধু । পৰিৱেশ অবিহনে মানুহে জীয়াই থাকিব নোৱাৰে ।
ভাৰতবৰ্ষত প্ৰথম পৰিৱেশীয় আন্দোলন হৈছিল চিপকো আন্দোলন ( গছ সাৱতি ধৰা আন্দোলন ) ।
প্ৰকৃতিপ্ৰেমী জনতাই ভাটৰ নেতৃত্বত দিন-ৰাতি একাকাৰ কৰি প্ৰতিজোপা গছক সাৱতি ধৰি কটাৰ পৰা ৰক্ষা কৰিছিল । তেওঁলোকে কৈছিল " অৰণ্য তেওঁলোকৰ ঘৰ, তাক ধ্বংস কৰিবলৈ কোনো কাৰণতে দিয়া নহ'ব । " তেওঁলোকে কৈছিল " অৰণ্য কি দিয়ে ?
মাটি , পানী , আৰু মুক্ত বতাহ ( What do the forests bear ? Soil , water , and pure air )
গতিকে প্ৰত্যকজন মানুহে তেতিয়াই বুজিব লাগিছিল " অৰণ্যই আমাক কি দিয়ে ?
ভাৰতবৰ্ষত পৰিৱেশ সংৰক্ষণৰ এক পুৰণি ইতিহাস আছে । বিশেষকৈ বৌদ্ধ যুগৰ পৰা
ভাৰতবাসীৰ মনত পৰিৱেশ অচেতনতা বৃদ্ধি পাইছিল । মৌৰ্য যুগৰ বিষয়ে জনাত সহায় কৰা অন্যতম সমল কৌটিল্যৰ ' অৰ্থশাস্ত্ৰ ' গ্ৰন্হতো পৰিৱেশ সচেতনতাৰ বিষয়ে কিছু তথ্য পোৱা যায় । মৌৰ্য যুগৰে নহয় , প্ৰাচীন ভাৰতৰ সৰ্বশ্ৰেষ্ঠ সম্ৰাট মহান অশোকে পৰিৱেশ সুস্হ কৰিবৰ মানসেৰেই ৰাস্তাৰ কাষত শাৰী শাৰী নানা বহুমূলীয়া গছ ৰোৱাইছিল । ১৭৭৩ চনত অমৃতাদেৱী নামৰ এগৰাকী বৃদ্ধাই গছ ৰক্ষাৰ বাবেই যোধপুৰৰ মহাৰাজৰ সৈন্যবাহিনীৰ হাতত মৃত্যুবৰণ কৰিছিল ।
বৰ্তমান বিজ্ঞানৰ যুগত প্ৰত্যকজন মানুহে পৰিৱেশৰ ইতিহাস জনাটো দৰকাৰ হৈ পৰিছে । কাৰণ 'গছ থাকিলেহে মানুহ থাকিব । গছক নিজৰ বন্ধু হিচাপে আমি চোৱাচিতা কৰিব লাগিব । এটা কাটিলে ১০ টা গছ ৰোপন কৰিব লাগিব । তেতিয়াহে মানুহ এই পৃথিৱীত জীয়াই থাকিব ।
" Forest mam of India " ড° যাদৱ পায়েঙে কৈছিল - য'ত গছটো আছে আছে তাতে থাকিব দিয়ক , আমি মাত্ৰ চাফ চিকুণ কৰিব লাগিব । কিন্তু বিশ্ব পৰিৱেশৰ দিনা আমি গছপুলি ৰোপনৰ নামত গছক হত্যা কৰো ।
আহক আমি সকলোৱে পৰিৱেশ সংৰক্ষণ কৰো । ।

0 Comments