মুখ্য সম্পাদকৰ একলম
_______________________
" মিছা আনন্দত সুখ মাথো চাকৰ ।"- কিছু লিখনিৰ প্ৰাধান্যতা বহুত বেছি । সুখ-দুখ হাঁহি কান্দোনেৰে ভৰি থাকে একো একোটি লিখনি ।
এক গভীৰ দৃষ্টিৰে পাঠ কৰাটো সকলোৰে দায়িত্ব । প্ৰতি লিখনিৰ বিচাৰ বিবেচনা পৰাপক্ষত নিজৰ হাততে ৰখা উচিত । কিয়নো কাব্যিকতা হ'ল এনে এক বিষয় যাৰ দ্বাৰা মানুহৰ জীৱন ভংগী প্ৰকাশ হয় । মানুহে যিমান পাৰে লিখিব লাগে , মানুহৰ হাতৰ স্পৰ্শত থাকে এক সৰলতা আৰু আদৰ্শ ।
অৱশেষত মুখ্য সম্পাদক হিচাপে মোৰ বন্ধুবৰ্গৰ প্ৰচেষ্টা তথা লিখক সকলৰ অব্যাহত থাকিব আৰু একতাৰ বান্ধোনেৰে আমাৰ অন্তৰ সজীৱ হৈ ৰ'ব বুলি আশাবাদী ।
মন্টুৰাম টাইদ
মুখ্য সম্পাদক , সাহিত্যৰ ডেউকা

0 Comments