কৰোণা ভাইৰাছ, ইয়াৰ প্ৰভাৱ আৰু শিক্ষা,মিত্ৰদেৱ পেগু

কৰোণা ভাইৰাছ, ইয়াৰ প্ৰভাৱ আৰু শিক্ষা



"ৰোগ ব্যাধি আক্ৰমিব সমস্ত জগত।

মৰিবেক বহু লোক অচিন ৰোগত।।

ৰোগৰ নিৰ্ণয় কৰিবাক নোৱাৰিব।

চিকিৎসকো অৱশেষে ঈশ্বৰ চিন্তিব।।"

                            ➡️শ্ৰীমন্ত শংকৰদেৱ

উল্লেখিত গদ্যফাঁকি আমাৰ পৰম গুৰুজনা শ্ৰীমন্ত শংকৰদেৱে প্ৰায় ৫৫০ বছৰৰ আগতে কৈ গৈছিল। বৰ্তমান যিটো ভয়াবহ পৰিস্থিতি কৰোণাই গোটেই পৃথিৱীক ত্ৰাসৰ সৃষ্টি কৰিছে গুৰুজনাই কোৱা ওপৰৰ গদ্যফাঁকি তাৰেই প্ৰমান দিয়া নাইনে? প্ৰথম বিশ্বযুদ্ধ আৰু দ্বিতীয় বিশ্বযুদ্ধই যিমান প্ৰভাৱ বিস্তাৰ কৰিছিলে তাতকৈ দুগুন কৰোণা মহামাৰীয়ে প্ৰভাৱ পেলাইছে।


পৰিৱেশৰ অত্যাচাৰ দিনক দিনে বৃদ্ধিত ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড এ পি জে আব্দুল কালামেও এখন গৱেষণা বৈঠকত কৈছিল, প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ দৰে গোটেই পৃথিৱীত তৃতীয় বিশ্বযুদ্ধ হ'ব। চালি-জাৰি চালে তাৰেই প্ৰমান দিছে।


আহক আমি এতিয়া চাব লাগিব কৰোণানো কি আৰু ইয়াৰ উৎপত্তি কেনেকৈ হ'ল? তাৰবাবে আমাৰ কৰণীয় কি?


বহু গবেষণাৰ দ্বাৰা বহু বিজ্ঞানীয়ে জানিব দিয়ে যে কৰোণা ভাইৰাছ এটি ভাইৰাছ নহয় ই বহু ভাইৰাছৰ সমষ্টি। এই ভাইৰাছ জন্তুৰ দেহত পোৱা যায় বাবে ZOONOTIC নামেৰে আখ্যা দিয়া হয়। ই সাধাৰণ জ্বৰৰ পৰা শ্বাসতন্ত্ৰলৈ সংক্ৰমণ হৈ ভয়ানক ৰোগৰ সৃষ্টি কৰে। কৰোণা নামটো লেটিন শব্দ CORONA ৰ পৰা আহিছে, যাৰ অৰ্থ CROWN অৰ্থাৎ মুকুট। এই ভাইৰাছৰ আকৃতি মুকুট সদৃশ হোৱা বাবে "কৰোণা" নামেৰে নামাকৰণ কৰা হৈছে। ই আন ভাইৰাছৰ তুলনাত সুকীয়া। কৰোণাৰ শক্তিশালী দুই ধৰণৰ ভাইৰাছ যেনে MERS( Middle East Respiratory Syndrome) আৰু আনবিধ SARS( Severe acute Respiratory Syndrome). MERS ভাইৰাছ ২০১২ চনত চৌদি আৰৱত ধৰা পৰিছিল আৰু আনটো SARS ভাইৰাছ ২০০৩ চনত ধৰা পৰিছিল। ২০১৫ চনৰ পাছৰ পৰা কোনো ভাইৰাছৰ সন্মূখীন হ'ব লগা হোৱা নাছিল। কিন্তু পুণৰবাৰ ২০১৯ চনত বিশ্ব স্বাস্থ্য সংস্থা, WHO( World Health Organization) এ জানিব দিয়ে যে সাগৰীয় খাদ্যৰ লগত জড়িত আৰু চিনৰ "ওহান"  প্ৰদেশৰ এখন সাগৰীয় খাদ্য বস্তুৰ বজাৰৰ পৰা নতুন এক ভাইৰাছৰ সৃষ্টি হৈছিল, যাক NOVEL CORONA VIRUS নামেৰে নামাকৰণ কৰা হয়। এই ভাইৰাছ চিনৰ Wuhan প্ৰদেশত উৎপত্তি হোৱা বাবে WUHAN VIRUS নামেৰেও নাম দিয়া হয়। এই ভাইৰাছ চিনৰ মানুহৰ পৰা আৰম্ভ কৰি গোটেই বিশ্বজুৰি বিয়পি পৰিছিল। বহু গবেষণাই এই ভাইৰাছৰ উৎপত্তি বাদুলী আৰু সাপৰ পৰা উৎপত্তি হৈছে বুলি দাবী উত্থাপন কৰিছে। এই ভাইৰাছ মানুহকে আদি কৰি উট, গাহৰি, মেকুৰী আদি বহু জীৱ-জন্তুলৈও সংক্ৰমিত হোৱা দেখা গৈছে। জনামতে ২০২০ চনত গাহৰিৰ মৃত্যুৰ হাৰ দিনক দিনে বৃদ্ধি পাইছিল। 


ইয়াৰ ৰোগৰ লক্ষণ নিউম'নিয়া ৰোগৰ দৰে একেই। সংক্ৰমিত ব্যক্তিসকলে জ্বৰ, কাহ, চৰ্দি আদি অনুভৱ কৰে। এই ৰোগ শ্বাস-প্ৰশ্বাসৰ যোগেদি সংক্ৰমিত হয়। সেয়েহে সকলোৱে মাক্স পৰিধান, চেনিটাইজাৰ ব্যৱহাৰ, সামাজিক-শাৰীৰিক দূৰত্ব মানি চলা আদি কামত মানৱ সমাজে গুৰুত্ব দিব লাগে।


কৰোণা মহামাৰীয়ে সমগ্ৰ পৃথিৱীক পূৰাব নোৱাৰা ধ্বংস কৰি থৈ গ'ল। গোটেই পৃথিৱীক আৰ্থিক-সামাজিক, ব্যৱসায়-বানিজ্য, শিক্ষা-দীক্ষা আদি কোঙা কৰাৰ বিপৰীতে বহু ভাল শিক্ষাও লাভ কৰিলে। মানুহৰ মাজত এক ব্যৱধান, সামাজিক-শাৰীৰিক দূৰত্ব আনিলে। সকলো মানুহকে স্বচ্ছতাৰ প্ৰতি বহু আগ্ৰহী কৰি তুলিছে। প্ৰধান মন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই চাফাই অভিযান কাৰ্যসূচীৰে সকলোকে স্বচ্ছতা আৰু পৰিবেশৰ প্ৰতি সজাগ সচেতনতা কৰি তুলিলে। কৰোণাই মানুহক মিতব্যয়ী হ'বলৈ শিকাইছে। আৰ্থিকভাৱে দুৰ্বল হোৱা ফলত খৰছৰ মাত্ৰা কমাবলৈ শিকাইছে। কৰোণাই মানুহৰ মাজত উদাৰ মনোভাৱৰ সৃষ্টি কৰি এজনে আনজনৰ দূখ বুজি সহায় কৰিব শিকালে। নিৱনুৱাসকলক কৰ্মমূখী আৰু আত্ম-নিৰ্ভৰশীল কৰিব শিকালে। 


আগৰ আজু ককা-আইতাৰ পৰম্পৰা কৰোণা মহামাৰীয়ে অৱগত কৰিলে। যেনে বাহিৰৰ পৰা কোনো লোক আহিলে জপনা মূখতে ভৰি-হাত ধোৱা, আহাৰ খাওতে ভালদৰে হাত ধুই আহাৰ খোৱা, সৌশ কৰি গা-ধোৱা, লোকৰ হাতৰ বস্তু নোখোৱা।


শেষত সকলোকে বিনম্ৰভাৱে অনুৰোধ জনাও যে মানৱ-জাতি পৃথিবীৰ জীৱশ্ৰেষ্ঠ জাতি। ইয়াক নিজেই নিজে ৰোধ নকৰিলে বহুতো বিপদ হ'ব। সকলোৱে চাফ-চিকুণাই থাকক, পৰিবেশৰ প্ৰতি সজাগ হওক, সামাজিক দূৰত্ব মানি চলক, চৰকাৰ আৰু চিকিৎসকে দিয়া নীতি-নিয়ম মানি চলক, নিজেও বাচক, পৰিয়াল বচাওক, গাঁও বচাওক, অঞ্চল বচাওক, জিলা বচাওক, ৰাজ্য বচাওক এখন সুস্থ দেশ গঠন কৰক।


✍️ মিত্ৰদেৱ পেগু

    লখিমপুৰ, অসম

Post a Comment

0 Comments